ডিব্ৰুগড়ত পঞ্চম বাৰ্ষিক নুৱা খাই ভেটঘাট অনুষ্ঠান

ডিব্ৰুগড় বকপাৰা ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে পঞ্চম বাৰ্ষিক নুৱা খাই ভেটঘাট অনুষ্ঠান। আজি অনুষ্ঠানখনৰ প্ৰথমটো কাৰ্যসূচী হিচাপে এক বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

অনুষ্ঠানস্থলীৰ পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰা ডিব্ৰুগড় খনিকৰলৈকে উলিওৱা হয়। বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক, নৃত্য-গীত আৰু সাংস্কৃতিক উপাদানেৰে শোভাযাত্ৰাখনে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

নুৱা খাই ভেটঘাট অনুষ্ঠানৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ চহকী লোক-পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যক উদযাপন কৰাৰ লগতে সামাজিক ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তাও দাঙি ধৰা হৈছে।

পঞ্চম বাৰ্ষিক এই অনুষ্ঠানক লৈ ইতিমধ্যে ডিব্ৰুগড় বকপাৰা অঞ্চলত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। আগন্তুক দিনসমূহতো বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটো অনুষ্ঠিত হ’ব।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register