উজনি লৈ বানাক্ৰান্ত ৰাইজৰ মাজত হয়বৰগাঁও প্ৰেছ ক্লাবৰ প্ৰতিনিধি

উজনি লৈ বানাক্ৰান্ত ৰাইজৰ মাজত হয়বৰগাঁও প্ৰেছ ক্লাবৰ প্ৰতিনিধি

শিবসাগৰ জিলাৰ বিজি ৰোড চাৰিআলিৰ দুই শতাধিক পৰিয়ালক বান সাহায্য প্ৰদান

বিগত দুদিন ধৰি হয়বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মোস্তফা কামাল আৰু ডাঃ কামাল হাছানৰ নেতৃত্বত সাংবাদিক প্ৰাঞ্জল কুমাৰ নাথ,খাইৰুল ইছলাম,আফতাপ হোছেইন,কৌশিক ডেকা,মেহদী আলমে শিবসাগৰ নাজিৰা অঞ্চলত বানপীড়িত ৰাইজৰ মাজত পোন্ধৰ কিলোগ্ৰাম কৈ বিভিন্ন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰিছে। শিৱসাগৰ ষ্টেচন চাৰিআলি বিজি ৰোডত আজি দুই শতাধিক পৰিয়ালক ৰিলিফ বিতৰণ কৰে। শিবসাগৰ বিজি ৰোড নিবাসী বিশিষ্ট সমাজ সেৱক নজুল্লাহ খান আৰু সমাজ সেৱিকা আছমা খানমৰ সহযোগত আজি নগাঁৱৰ হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সজাতি দলটোৱে বানবিধ্বস্ত অঞ্চলত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register