বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বয়ম্ভু ভুৱা চিকিৎসক ৰফিকুল ইছলামক। বৰপেটাৰ কাৰাইখাইতি বজাৰত গৰ্ভপাতৰ ভয়ংকৰ বেহা চলোৱা স্বয়ম্ভু চিকিৎসক ৰফিকুল ইছলামৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে কাছুমাৰা আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে। কাছুমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মঙ্গলবাৰে নিশা স্বয়ম্ভু চিকিৎসক ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ অবৈধ ফাৰ্মাচীত তালাচী চলাই বহু আপত্তিজনক সামগ্ৰীৰ আৰু যথেষ্টখিনি ঔষধো জব্দ কৰিছে৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি স্বয়ম্ভু চিকিৎসক ৰফিকুল ইছলামে তেওঁৰ অবৈধ ফাৰ্মাচীত গৰ্ভপাত কৰাই আহিছে৷অতি শীঘ্ৰে স্বাস্থ্য সেৱাৰ নামত চলোৱা এই ভয়ংকৰ বেহাৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে সচেতন মহলে৷
চেঙাৰ কাৰাইখাইতি ভূৱা চিকিৎসক গ্ৰেপ্তাৰ
