লখিমপুৰৰ চিয়াজুলী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সন্মিলনীৰ অন্তৰ্গত শিক্ষক শিক্ষয়িত্ৰী সকলৰ উচ্চ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ চিয়াজুলি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি সন্মিলনীৰ অন্তৰ্ভুক্ত শিক্ষক শিক্ষয়িত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তিমান সন্তানক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। ২৫৩ নং চিয়াজুলি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে চিয়াজুলি প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী সভাপতিয়ে। সম্পাদক কিনাৰাম শইকীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ২০২৫ – ২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে হোৱা সাত গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু ফুলাম গামোচাৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সম্বৰ্ধিত ছাত্ৰ ছাত্ৰী সকল উপস্থিত নথকাৰ বাবে তেওঁলকৰ অভিভাৱক সকলে সন্মিলনীৰ তৰফৰ এই সম্বৰ্ধনা গ্ৰহণ কৰে। এই কাৰ্যসূচীত চিয়াজুলি প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্ভুক্ত সকলোবোৰ বিদ্যালয়ৰ শিক্ষাগুৰু সকল উপস্থিত থাকে ।

Leave a Reply

BP NEWS Live
Logo Sunday, 27 September 2026
Login / Register