নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ভেলেউগুৰী পঞ্চায়তৰ সাত নং ৱাৰ্ডৰ বানে ভঙা পথৰ মেৰামতি নোহোৱাত ৰাইজৰ দুৰ্ভোগ।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ভেলেউগুৰী পঞ্চায়তৰ সাত নং ৱাৰ্ডৰ বানে ভঙা পথৰ মেৰামতি নোহোৱাত ৰাইজৰ দুৰ্ভোগ।পথৰ অভাৱত পানীত সাঁতুৰী পাৰ হয় ৰাইজে
আমাৰ খৱৰ /কামপুৰ /৩১ জুলাই
বিগত দহ পোন্ধৰ দিনে নগাঁও জিলাৰ নগাঁও জিলাৰ কঠীয়াতলী ;কামপুৰ আদি এলেকাত নিশাৰী নৈৰ বাঢ়নি পানীয়ে সংহাৰ চলোৱাৰ পিছত এতিয়া নৈ খনৰ পানী’কিছু পৰিমানে কমিব লৈছে যদিও বিপদ আঁতৰা নাই কৃষকৰ।বৃহস্পতি বাৰৰ পৰা পুনৰ নৈ পানী বৃদ্ধি হোৱাত কোনো অঞ্চলত পূৰ্বে ভাঙি নিয়া পথ মথাউৰীবোৰে পানী বাগৰিবলৈ আৰম্ভ কৰিছে।উল্লেখ্য যে চাৰি বছৰৰ আগতে বানে চিঙি নিয়া নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ভেলেউগুৰী পঞ্চায়তৰ সাত নম্বৰ ৱাৰ্ডৰ(৪৮নং ব্লক) এটা পথ আজিও মেৰামতি নোহোৱাত হুৰাহুৰে সোমাইছে নিশাৰী নৈ পানী।উল্লেখ্য যে প্ৰতিবছৰে বাৰিষা আহিলে ব্যাপক সমস্যাত পৰে স্থানীয় ৰাইজ।এইবাৰো হৈ যোৱা নিশা বানত ৰাইজে হাঁহাকাৰ কৰিব লগাত পৰিছে।নৈ খনৰ পানী বাঢ়িলেই এই ভগ্ন এলেকাৰে পানী সোমাই কঠীয়াতলী আৰু ভেলেগুৰী পঞ্চায়তৰ বৃহৎ এলেকাৰ কৃষিভূমি নষ্ট কৰে।চাৰিবছৰৰ আগতে নিশাৰী বানে ৪৮ নং ব্লক নামৰ গাঁওখনক মূল পথটোক খহাই নি গাওঁখনক দুটা ভাগত বিভক্ত কৰাত উপায়বিহীন ৰাইজে ইপাৰৰ পৰা সিপাৰ হবলৈ সাঁতুৰি পাৰ হব লগা হয়।অতি বিপদজনক ভাৱে মহিলা আৰু ছাত্ৰ -ছাত্ৰী সকল পাৰ হব লগা হয়।বৰ্তমান নিশাৰীৰ পানী হোৰাহোৰে পানী সোমাই থকাত সৰুপথাৰৰ পৰা কঠীয়াতলীৰ গৰুবন্ধালৈ কৃষিভূমিত পানী সোমাই থকাত শাওঁনত মাহত মুৰে -কপালে হাত দিছে।স্থানীয় ৰাইজে শীঘ্ৰে পথচোৱাৰ মেৰামতিৰ দাবী জনাইছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register