চাপৰৰ ধীৰঘাটত ‘আশীৰ্বাদ হোটেল’ত চুৰিকাণ্ড: লৈ গ’ল ৮টাকৈ গেছ চিলিণ্ডাৰ
চাপৰ: চাপৰৰ ধীৰঘাটস্থিত ‘আশীৰ্বাদ হোটেল’ত এক বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, হোটেলখনৰ স্বত্বাধিকাৰীয়ে প্ৰতিদিনৰ দৰে কালি নিশা আনুমানিক ৯ বজাত হোটেল বন্ধ কৰি ঘৰলৈ গৈছিল। কিন্তু আজি পুৱা প্ৰায় ৫ বজাত হোটেলখন খুলি ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে সামগ্ৰীসমূহ খেলিমেলি হৈ থকা প্ৰত্যক্ষ কৰে।
পিছত ভালদৰে পৰ্যবেক্ষণ কৰাত হোটেলখনৰ পিছফালৰ খিৰিকীখন ভঙা অৱস্থাত উদ্ধাৰ হয়। সন্দেহ কৰা হৈছে যে দুষ্কৃতিকাৰীয়ে পিছফালৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল। হোটেলৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে, চোৰে হোটেলখনৰ পৰা ৮টাকৈ গেছ চিলিণ্ডাৰৰ লগতে অন্যান্য বহু মূল্যবান সামগ্ৰী কাঢ়ি লৈ যায়।
স্বত্বাধিকাৰীগৰাকীয়ে এজন স্থানীয় ব্যক্তিৰ বিৰুদ্ধে সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে চাপৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে চুৰিকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।
