চামগুৰি সমষ্টিৰ অন্তৰ্গত লাউগাঁও বেলতলি বজাৰৰ পৰা ৰূপহীহাট সমষ্টিৰ হাতীপাৰালৈ সংযোগী মূল পথটোৰ দুৰৱস্থাই এতিয়া চৰম পৰ্যায় পাইছেগৈ। বিগত দীৰ্ঘদিন ধৰি কোনো মেৰামতি নকৰাৰ ফলত পথটোৰ বিভিন্ন স্থানত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। অলপ বৰষুণ দিলেই এই গাঁতবোৰ পানীৰে উপচি পৰি যেন পথ নহয়, একো একোটা পুখুৰীলৈহে ৰূপান্তৰ হয়।
দুয়োটা সমষ্টিৰ সহস্ৰাধিক লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ এই পথটোৰে দৈনিক শ শ লোকৰ উপৰিও অঞ্চলটোৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়াত কৰিবলগীয়া হয়। কিন্তু পথৰ কঁকাল ভঙা অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সময়মতে বিদ্যালয়ত উপস্থিত হ’ব নোৱাৰাৰ লগতে প্ৰায়ে দুৰ্ঘটনাৰ মুখত পৰিবলগীয়া হৈছে। ৰোগীক জৰুৰীভাৱে চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো এম্বুলেন্স বা বাহন অহাত চৰম অসুবিধাৰ সৃষ্টি হৈছে।
স্থানীয় ৰাইজে ক্ষোভেৰে প্ৰকাশ কৰা মতে, বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্রতিনিধিসকলক বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো আজিলৈকে পথটো মেৰামতিৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
ৰাইজৰ সুবিধা আৰু বিশেষকৈ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি লোকনিৰ্মাণ বিভাগ (PWD) আৰু জিলা প্ৰশাসনক অতি সোনকালে এই পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ অঞ্চলবাসীয়ে আৱেগিক আহ্বান জনাইছে। অন্যথা অনাগত দিনত অঞ্চলটোৰ ৰাইজে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।
