ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা, পদ্মশ্ৰী গীতা উপাধ্যায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বানত মৃত্যু হোৱা লোকৰ আত্মাৰ সদগতিৰ অৰ্থে মৌন প্ৰাৰ্থনা

ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহ সভা আজি বগীনদীৰ গোৰ্খা ভৱনত অনুষ্ঠিত হয়। গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ আঁত ধৰে পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমচন্দ্ৰ ছেত্ৰীয়ে ।মুলতঃ আগন্তুক ২৪ আৰু ২৫ আগষ্টত জিলা পুথিভঁৰালত অনুষ্ঠিত হবলগীয়া ভাৰতীয় গোৰ্খা পৰিসংঘৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। যদিও সভাৰ সিদ্ধান্ত মৰ্মে সদ্য প্ৰয়াত অসমৰ সুলেখিকা পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উজনি অসমৰ প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুৱা মৃতকৰ পৰিয়ললৈ সসমবেদনা জ্ঞাপন কৰি, মৃতক সকলৰ আত্মাৰ সদগতি কামনাৰ্থে মৌন প্ৰাৰ্থনা কৰে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিয়ে। গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খগেন বাহাদুৰ ছেত্ৰী, সাংস্কৃতিক সম্পাদক চন্দ্ৰলাল ৰাই ক ধৰি পৰিসংঘৰ অন্য বিষয়ববীয়া সকল উপস্থিত থকা কাৰ্যনিবাহক সভাই ৰাজ্যিক সমিতিৰ সদস্যৰ বাবে লোক বাহাদুৰ ছেত্ৰী আৰু বিপ্লৱ ছেত্ৰীক মনোনীত কৰে বুলি জানিব দিছে পৰিসংঘৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক দিব্য বাহাদুৰ ছেত্ৰীয়ে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register