মাণিকপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমবায় চ’কত ই-ৰিক্সা দুৰ্ঘটনা পতিত হৈ তিনিজন আহত।

মাণিকপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমবায় চকত ই-ৰিস্কা দূৰ্ঘটনাত পতিত হৈ তিনিজন আহত। জানিব পৰা মতে চকিহালীৰ ননীগোপাল নামৰ ব্যক্তিজনৰ ই-ৰিস্কাৰে মাণিকপুৰলৈ আহি থাকোতে মাণিকপুৰৰ সমবায় চকত নিয়ন্ত্ৰণ হেৰুৱাই ই-ৰিস্কা খন বাগৰি যাত্ৰীৰ ওপৰত পৰে। বীপৰীত দিশৰ পৰা অহা চাইকেল আৰোহী জনৰ বাবেই এই দূৰ্ঘটনা সংগঠিত হয়। ঘটনাস্থলীৰ পৰা ছাইকেল আৰোহীজন পলায়ন কৰে।দূৰ্ঘটনাত আহত ব্যক্তি কেইজন ক্ৰমে প্ৰকাশ ৰায়, উৰ্মিলা ৰায় আৰু নিকুমনী ৰায় আহত হয়। আহত সকলোক মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।চিকিৎসকে চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়ে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register