ধিঙৰ ঐতিহ্যমণ্ডিত আউনী আটি সত্ৰত নগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মা ।

Oplus_16908288

ধিঙৰ ঐতিহ্যমণ্ডিত আউনী আটি সত্ৰত নগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মা ।

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ধৰ্মীয় তথা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ ধিঙৰ ঐতিহ্যমণ্ডিত আউনী আটি শাখা সত্ৰ । মাজুলি আউনী আটি সত্ৰৰ অন্যতম খাট এই সত্ৰ । আউনী আটি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীশ্ৰী বিষ্ণুচন্দ্ৰ দেৱ গোস্বামীৰ আজি পুণ্য তিৰোভাৱ তিথি উপলক্ষে সত্ৰত আয়োজন কৰা সত্ৰাধিকাৰ গৰাকীৰ তিৰোভাৱ তিথিত উপস্থিত থাকে নগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মা । আয়ুক্ত গৰাকীয়ে উপস্থিত ভকত বৈষ্ণৱ সকলক ধৰ্মীয় দিশৰ ওপৰত গুৰুত্বপুৰ্ণ বক্তব্য আগবঢ়োৱাৰ লগতে সত্ৰৰ উন্নয়ন আৰু সুৰক্ষাৰ দিশৰ ওপৰতো আলোচনা কৰি সকলো দিশৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰোপৰি আউনী আটি কৃষক পুথিভঁৰালত বীৰাংগনা গ্ৰাম্য সংগঠন আৰু মহিলা গ্ৰাম্য সংগঠনৰ উদ্যোগত সংগ্ৰহ কৰা বান সাহাৰ্য্যৰ ধনৰাশি নগাঁও জিলা আয়ুক্তৰ জৰিয়তে প্ৰদান কৰে মহিলা সংগঠন কেইটাই । মুঠ একৈশটা গোটৰ সদস্যা সকলে নিজাববীয়াকৈ বানাক্ৰান্ত সকলৰ বাবে প্ৰদান কৰে এই আৰ্থিক সাহাৰ্য্য ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register