এদিন তুমি কৈছিলা –
“এয়া মাথোঁ সময়ৰ কথা,
আমি সদায় একেলগে থাকিম।”
কিন্তু সময়েই আজি
আমাক দুটা পৃথক পথত থিয় কৰালে।
হাতত ধৰা হাতখন
আজি নীৰৱে আতৰি গ’ল,
চকুত থকা সপোনবোৰো
ধূলিৰ দৰে উৰি গ’ল।
তোমাৰ নামটো এতিয়াও
মনৰ কোঠালীত আছে,
কিন্তু তুমি নাই –
মাথো স্মৃতি আছে।
ভালপোৱা কেতিয়াও শেষ নহয় ,
হয়তো সঁচাই –
কাৰণ আজিও মই
তোমাক বেয়া পাব নোৱাৰো।
Breakup মানে
ভালপোৱাৰ মৃত্যু নহয়,
Breakup মানে হৈছে –
এটা হৃদয়ে আন এটা হৃদয়ক
নীৰৱে বিদায় জনোৱা।
