বাইহাটা চাৰিআলিত মুকলিকৈ তীৰখেলৰ বেহা

বাইহাটা চাৰিআলিত তীৰ খেলৰ মুকলি বেহা অনলাইনত চলে দৈনিক হাজাৰ হাজাৰ টকাৰ খেল।কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আটাইকেইটা অঞ্চলতে অগণন তীৰখেলৰ বুকীয়ে প্ৰায় মুকলিকৈ তীৰখেলৰ প্ৰচলন চলাই থকা বিষয়টোরে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। বাইহাটা চাৰিআলি আৰক্ষীয়ে ইতিমধ্যে একাধিকবাৰ লোচ-মুক্তাপুৰ, বালিকুছি আদিকে ধৰি পাতিদৰং এলেকাৰ তীৰখেলৰ বুকী তথা মালিক একাংশক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে যদিওঁ এতিয়াও লোচ-মুক্তাপুৰ, বালিকুছি ,বাইহাটা চাৰিআলি, বেজেৰা আদিকে ধৰি পাতিদৰং এলেকাত এতিয়াও তীৰখেলৰ ৰমৰমীয়া বেহা চলি আছে। এই ৰমৰমীয়া তীৰখেলৰ বুকী চলাই থকাৰ পিছতো কি কাৰণত এইসকল বুকী বা মালিকক আৰক্ষীয়ে এতিয়ালৈকে ঢুকি পোৱা নাই সেয়া ৰহস্যৰ আৱৰ্তত বুলিয়েই ক’ব বিচাৰে বিভিন্ন মহলে।সম্প্রতি কেপি (খানাপাৰা) শ্বিলং আৰু ভূটানকে ধৰি তিনিটা স্থানত চলা তীৰখেলৰ বুকীসকলৰ নম্বৰ কটা পদ্ধতিটো মোবাইলৰ মাধ্যমেৰেই চলি আছে। ক্ষুদ্র ব্যাৱসায়ীৰ পৰা কলেজীয়া ছাত্ৰলৈকে তীৰখেলৰ কবলত পৰি সহজলভ্য ধনৰ লোভত প্রতিখন খেলতেই পাঁচ-দহ টকাৰ পৰা দহ-পোন্ধৰ হাজাৰ টকালৈকে নম্বৰ কাটি একাংশ লোক লাওলোৱা হোৱাৰ পিছতো এৰা নাই নম্বৰ কাটিবলৈ। ডিজিটেল মাধ্যম হোৱাৰ লগে লগে সন্ধিয়া পাঁচ বজাৰ লগে লগে আহে আটাইকেইখন খেলৰ ফলাফল। সৰ্বসাধাৰণৰ পৰা দৈনিক হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি একাংশ তীৰখেলৰ মালিক কম সময়ৰ ভিতৰতে লাখপতি হৈ পৰিছে যাৰ বাবে উক্ত একাংশ আৰক্ষীক নিজৰ পকেটত ৰখা বুলিয়েই ক’ব বিচাৰে। ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোৰ বিভিন্ন স্থানত মুকলিকৈ তীৰখেলৰ নামত বাজি ধৰা আৰু ধন সংগ্ৰহৰ কাৰ্য চলি আছে। স্থানীয় সচেতন মহলে এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register