অন্তিম দিনা নগাঁও লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলৰ মনোনয়ন দাখিল।
৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে।
মনোনয়ন দাখিলক কেন্দ্ৰ কৰি ধিং, লাহৰিঘাট, ৰূপহীহাটকে ধৰি কেইবাটাও বিধানসভা সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ সহস্ৰাধিক কৰ্মী-সমৰ্থক দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনেৰে নগাঁও চহৰৰ সমীপৱৰ্তী চলছলিত সমবেত হয়। ইয়াৰ পাছত সমদলটোৱে উপায়ুক্তৰ কাৰ্যালয় অভিমুখে যাত্ৰা কৰাত নগাঁও চহৰত যান-জঁটৰ সৃষ্টি হয়। প্ৰায় আধা ঘণ্টা ধৰি যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে।
বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, চেঙাৰ প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইন, ধিঙৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলাম, ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ, জনিয়াৰ প্ৰাক্তন বিধায়ক ড° ৰফিকুৰ ইছলামকে ধৰি দলৰ কেন্দ্ৰীয়, নগাঁও আৰু মৰিগাঁও জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
