বৃহত্তৰ চছল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাণ সাহাৰ্য্যৰে বিশেষ প্ৰস্তুতি।

গুৱাহাটী, ৩১ জুলাই: অসমৰ তিনিখন জিলা ক্ৰমে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত অতি সাম্প্ৰতিক প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আহ্বান মৰ্মে বৃহত্তৰ চছল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বৃহত্তৰ চছলবাসী ৰাইজৰ অকুণ্ঠ সহায় – সহযোগিতাত নগদ ১,৫০,০০০ ( এক লাখ পঞ্চাশ হাজাৰ টকা), বৃহৎ পৰিমাণৰ খাদ্য-সামগ্ৰী, গাখীৰ, পশু খাদ্য, মহখেদা সামগ্ৰী, ফেনাইল, ছেনিটেৰী পেড, খোৱা পানী আৰু বৃহৎ পৰিমাণৰ পুৰুষ, মহিলা আৰু ল’ৰা-ছোৱালীৰ পিন্ধনত ব্যৱহাৰ কৰিব পৰা নতুন আৰু ব্যৱহাৰ যোগ্য কাপোৰ আদি প্ৰায় বৃহৎ আকাৰৰ এখন ট্ৰাক যোগে কামৰূপ জিলা মহানগৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ জৰিয়তে বানাক্ৰান্ত জিলা কেইখনলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয়। ৰাজ্যখনৰ এই দুৰ্য্যোগৰ সময়ত বৃহত্তৰ চছলবাসী ৰাইজৰ অভূতপূৰ্ব দান বৰঙণি আৰু সহযোগিতাৰ বাবে বৃহত্তৰ চছল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ হৈ সম্পাদক ডাঃ বুধিন শইকীয়াই এই ক্ষেত্ৰত সহায় -সহযোগিতা আগবঢ়োৱা সকলো সুহৃদ ব্যক্তি লৈ আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register