বগীনদী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদীৰ গোৰ্খা ভৱনত ছাফাই অভিযান, গছপুলি ৰোপণ

গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদী আঞ্চলিক সমিতিৰ উদ্যোগত আজি বগীনদীৰ গোৰ্খা ভৱনত ছাফাই অভিযান চলোৱাৰ লগতে, ভৱন চৌহদত গছপুলি ৰোপণ কৰে। বগীনদী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাহুল উপাধ্যায় আৰু সাধাৰণ সম্পাদক হিমাংশু শৰ্মাৰ নেতৃত্বত আয়োজিত এই কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ তাৰিয়ণী আঞ্চলিকৰ সভাপতি বিশাল তামাং, বগীনদী আঞ্চলিকৰ উপ সভাপতিদ্বয় সুৰুজ শৰ্মা, তুলসী ছেত্ৰী আৰু গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ কোষাধ্যক্ষ অৰুণ উপাধ্যায়ে অংশগ্ৰহণ কৰে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 6 October 2026
Login / Register