নগৰবেৰাৰ উত্তৰ ৰাঙ্গাপানীত বিলাসী বাহনেৰে ছাগলী-ভেড়া চুৰিৰ চেষ্টা আৰক্ষীয়ে বাহনসহ ছাগলী-ভেড়া উদ্ধাৰ, চোৰ পলায়ন

ৰাজ্যত পুণৰ বিলাসী বাহনেৰে ছাগলী চুৰিৰ ঘটনা।আৰক্ষীয়ে খেদি খেদি জব্দ কৰে চুৰি ছাগলী সহ বিলাসী বাহন, ঘটনাস্থলীৰ পৰা চোৰৰ দলটোৰ পলায়ন।ঘটনাৰ স্থান নগৰবেৰাৰ উত্তৰ ৰঙাপানী।যোৱা নিশা টুপামাৰী আৰক্ষীয়ে নিয়মীয়া তহল দি থকা অৱস্থাত হঠাৎ এখন মাৰুতি Swift বাহন সন্মুখত পৰে। আৰক্ষীক দেখা মাত্ৰেই বাহনখন পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি খেদি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়।পিছে অতি কৌশলেৰে পলায়ন কৰে চোৰৰ দলটো।চুৰি কাৰ্যত ব্যৱহাৰ কৰা As-01 Ew 4767 নম্বৰৰ চাৰিচকীয়া বাহনখন জব্দ কৰাৰ লগতে গাড়ীখনৰ পৰা উদ্ধাৰ কৰে ২ টা ছাগলী আৰু দুটা ভেড়া। ইতিমধ্যে ১ জনী ছাগলীৰ মৃত্যু হৈছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register