শিমলুগুৰিত এটিএম চুৰি চক্ৰৰ চাৰি সদস্য আটক

শিমলুগুৰি, ১২ ছেপ্টেম্বৰ: শিমলুগুৰিত এটিএম কাৰ্ড চুৰি কৰি বিভিন্ন লোকৰ বেংক একাউণ্টৰ পৰা ধন সৰকাই অহা এটা চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। ডিমৌ আৰক্ষী থানা আৰু শিমলুগুৰি আৰক্ষী থানাৰ সহযোগত শিমলুগুৰি জংচন ৰোডত অভিযান চলাই আৰক্ষীয়ে এটিএম চুৰি চক্ৰটোৰ মূল হোতা বুলি সন্দেহ কৰা এজন ব্যক্তিসহ মুঠ চাৰিজনক আটক কৰে।

 

আটকাধীন চাৰিজনৰ ভিতৰত এগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, চক্ৰটোৱে বিভিন্ন প্ৰান্তৰ লোকৰ এটিএম কাৰ্ড চুৰি কৰি সেই কাৰ্ড ব্যৱহাৰ কৰি গোপনে বেংক একাউণ্টৰ পৰা ধন উলিয়াই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

 

আৰক্ষীয়ে আটক কৰা লোকসকলক সোধা-পোছা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

 

  • ঘটনাটোৱে শিমলুগুৰি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে এটিএম চুৰি চক্ৰটোৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register