টুপামাৰীত নিশা আৰক্ষীৰ অভিযান তিনি ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ, জব্দ বেংক পাছবুক, এটিএম-কার্ড, মোবাইল ফোন

ৰাজ্যত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ একচন আৰম্ভ। কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী আৰক্ষী চকীৰ এলেকাধীন ২ নং টুপামাৰীত (চক বজাৰ) ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে নিশা চলায় অভিযান।অভিযানত তিনি জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা ছাইবাৰ অপৰাধী ক্ৰমে আব্দুল কাদেৰ জিলানী, আব্দুৰ ৰহিম আৰু শ্বাজিদুল হ’ক বুলি জানিব পৰা গৈছে। তিনি জনৰ পৰা জব্দ নগদ ধন,মোবাইল ফোন, বৃহৎ পৰিমানৰ বেংক পাছবুক, ATM কাৰ্ড ইত্যাদি।টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ নেতৃত্বত নগৰবেৰা আৰু টুপামাৰী আৰক্ষীয়ে যুটীয়া ভাৱে চলায় এই অভিযান।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register