উজনিৰ যি কেইখন জিলাত এইবাৰ বানপানী হৈছে

উজনিৰ যি কেইখন জিলাত এইবাৰ বানপানী হৈছে, সেইকেইখন জিলাত সাধাৰণতে বানপানী কম হয়, কিন্ত মধ্য আৰু নামনি অসমত প্ৰায় প্ৰতিবছৰেই কোনোবা নহয় কোনোবা জিলাত বানপানী হয়। হয়তো কোনোবা বছৰ ইয়াৰ প্ৰকোপ বেছি কোনোবা বছৰ ইয়াৰ প্ৰকোপ কম৷
মধ্য আৰু নামনি অসমৰ বানপানীত কোনোবা বাৰ আজমলে ২ কোটি টকাৰ সাহাৰ্য্য দিছে নেকি? যদি দিছেও এই কথাৰ ইমান প্ৰচাৰ চলাইছে নেকি? এনেকুৱা নহয় যে বানাক্ৰান্তৰ সহায়ৰ বাবে অকল আজমলেহে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে, আজমলৰ সমান্তৰালকৈ সৎসঙ্গ বিহাৰেও ২ কোটি টকাৰ সাহাৰ্য্য আগবঢ়াইছে৷ কিন্ত সৎসঙ্গ বিহাৰৰ এই দানৰ কথা কেইজনে গম পাইছে? সৎসঙ্গ বিহাৰে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবেই দান দিছে, এই দানৰ সৈতে তেওঁলোকৰ আন কোনো উদ্দেশ্য নাই। সেয়েহে তেওঁলোকে এই দানৰ কথা প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তা অনুভব কৰা নাই৷ কিন্ত আজমলে ২ কোটি টকা দান দিয়াৰ সৈতে তেওঁৰ আৰু তেওঁৰ মিঞা সম্প্ৰদায়ৰ স্বাৰ্থ লুকাই আছে৷ সেয়েহে তেওঁ নিজে আৰু তেওঁৰ সম্প্ৰদায়ৰ লোক সকলে এনেকৈ আজমলৰ সাহাৰ্য্যৰ কথাটো প্ৰচাৰ চলাইছে যেন সমগ্ৰ সাহাৰ্য্য অভিযান আজমলৰ টকাৰেই চলিছে৷ দৰাচলতে মধ্য আৰু নামনি অসমত বাংলাদেশী মুলৰ মিঞা সকলে মজবুত খোপনি পুতিবলৈ সক্ষম হোৱাৰ পিচত উজনিত খোপনি পুতিবলৈ শেহতীয়াকৈ যথেষ্ট চেষ্টা চলাইছে৷ কিন্ত উজনিৰ বিভিন্ন সংগঠনৰ তৎপৰতাত তেওঁলোক সফল হ’ব পৰা নাই। এইবাৰৰ ভয়ংকৰ বানপানীক তেওঁলোকে সুযোগ হিচাপে গ্ৰহন কৰিছে৷ এই সুযোগক বাস্তবায়িত কৰিবল আগবাঢ়ি আহিছে আজমল৷ আজমলে ২ কোটি টকাৰ সাহাৰ্য্য ঘোষণা কৰাৰ লগে লগে মিঞা সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত পৰ্টেল সমুহে এই বৰঙনিৰ কথা চৌদিশে প্ৰচাৰ চলোৱাৰ উপৰিও উজনিৰ সেই সমুহ সংগঠনক তিৰস্কাৰ আৰু প্ৰশ্নও কৰিছে -যিবোৰে উজনিৰ পৰা মিঞা বিতাড়নৰ বাবে তৎপৰতা দেখুৱাইছিল৷
আজমলৰ দুই কোটি সাহাৰ্য্যৰ বিনিময়ত অনাগত দিনত উজনিত বাংলাদেশী মুলৰ মিঞাই নায্যতা পাব বুলি তেওঁলোকে আশা কৰিছে৷ বিপদৰ সময়ত গাৱৰ মহাজনে ভবিষ্যতে শোষণ চলোৱাৰ আশাৰে সাহাৰ্য্য কৰাৰ নিচিনা কথা এয়া৷
বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে অকল চৰকাৰেই দেৰশ কোটি টকা মুকলি কৰি দিছে অন্যান্য ব্যক্তি আৰু সংগঠনে দিয়া বিশাল ধনৰাশি আছেই৷ কিন্ত আজমল আৰু তেওঁৰ সম্প্ৰদায়ৰ লোক সকলে সফল প্ৰচাৰৰ দ্বাৰা উজনি দখলৰ পুনৰ প্ৰচেষ্টাৰ প্ৰথম খোজটো সফলতাৰে লবলৈ সক্ষম হৈছে৷

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register