নেপালীখুটিত বানাক্ৰান্ত লোকৰ খবৰ ল’লে বিধায়ক অখিল গগৈ

শিৱসাগৰ, ৩১ জুলাইঃ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আজি বানবিধ্বস্ত নেপালীখুটি গাঁও পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।

পৰিদৰ্শনকালত বিধায়ক গগৈয়ে বানত মৃত্যুবৰণ কৰা প্ৰতিগৰাকী লোকৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায়। ইয়াৰ উপৰিও নেপালীখুটি গাঁৱৰ প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক ৫ হাজাৰ টকাকৈ সহায় আগবঢ়োৱা হয়।

তেওঁ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি চৰকাৰক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য প্ৰদান কৰাৰ লগতে গৃহহীন হোৱা লোকসকলক উপযুক্ত মাটি আৱণ্টন কৰি স্থায়ী পুনৰ্বাসনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

বিধায়ক অখিল গগৈৰ এই সহায় আৰু মানৱীয় পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাই কৃতজ্ঞতা প্ৰকাশ কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register