বৰ্তমান উন্নয়নৰ বন্যা বোৱাই দিয়া চৰকাৰ খনে অসমৰ বিভিন্ন প্ৰান্তত বহু উন্নয়নমূলক কাম কৰিছে। কিন্তু তাৰ মাজতে অসম চৰকাৰৰ উন্নয়নে ঢুকি পোৱা নাই চৰ অঞ্চলৰ লগতে চেঙা সমষ্টিৰ একাংশ অঞ্চল।চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি দাবী কৰি অহাৰ সময়তে সদাব্যস্ত পথৰ এখন ভগ্ন দলঙে যমৰ যাতনা খোৱাইছে চেঙা সমষ্টিৰ অন্তৰ্গত আলোপতি খাটিয়ামাৰী বজাৰৰ গাতে লাগি থকা এখন জৰাজীৰ্ণ কাঠৰ দলঙে। উল্লেখিত ভগ্ন দলং খনেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন ব্যৱসায়িকে ধৰি নিতৌ হাজাৰ হাজাৰ ৰাইজে মৰণত শৰণ দি বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে।উক্ত কাঠৰ দলঙখন যাতায়তৰ বাবে অনুপযোগী হৈ পৰাত অঞ্চলটোৰ লোকসকলে ভীষণ সমস্যাত ভুগিছে।
আনহাতে,বিপদসংকুল যাত্ৰাৰ ফলতে কেইবাজনো লোক ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে বুলি ৰাইজে উল্লেখ কৰিছে ৷ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা কাঠৰ দলঙখন মেৰামতিৰ লগতে যাতায়ত সুচল কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে।
এখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদ সংকুল যাত্ৰা
