প্ৰকৃতিৰ তাণ্ডৱত বিভীষিকাময় হৈ পৰা ৰাজ্যখনৰ সাম্প্ৰতিক ভয়াৱহ বানপানীয়ে জুৰুলা কৰা নিঃসহায় বানপীড়িত ৰাইজৰ দুখ-কষ্টই চুই গৈছে প্ৰত্যেকজন সচেতন নাগৰিকৰ হৃদয়। সংকটৰ এই কঠিন সময়ছোৱাত বানপীড়িত সকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰি তথা তেওঁলোকৰ কাষত থিয় দিয়াতো এক নৈতিক দায়িত্ব বুলি ভাবি নগাঁও জিলাৰ বহুকেইগৰাকী স্বনামধন্য ব্যক্তি আৰু সংগঠনে এক বিশেষ মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ৰ জৰিয়তে আজি ৩০ জুলাই ২০২৬ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ স্বইচ্ছাই বিভিন্নজনে অৰ্থনৈতিক সাহাৰ্য্য আগবঢ়ায়।
এই মানৱীয় আহ্বানলৈ সহাৰি জনাই নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্য়ালয়ে সৰ্বাধিক ২,০০,০০১ টকাৰ সাহায্য প্ৰদান কৰে। নগাঁও স্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট ক’অপাৰেটিভ ছচাইটি লিঃৰ সভাপতিয়ে ৫০,০০০ টকা বৰঙণি আগবঢ়ায়। একেদৰে দুমডুমীয়া, ধিং এলেকাৰ শৰীফ আলী, নিতুল বৰুৱা, জমাদুৰ ইছলাম আৰু নাজৰুল আলীয়ে যুটীয়াভাৱে ৪০,০০০ টকা আৰু সাংস্কৃতিক গোষ্ঠী ‘কল্লোল’ৰ সভাপতি আৰু সম্পাদকে ৩০,০০০ টকা আগবঢ়ায়।
ইয়াৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চালক শ্ৰী ফুল দেউ সিঙে ৫,০০০ টকা আৰু জিলা আয়ুক্তৰ ব্যক্তিগত শাখাৰ কৰ্মচাৰী শ্ৰী দিবন জ্যোতি বৰুৱা, শ্ৰী চক্ৰপাণি বৰকাকতি, শ্ৰী ত্ৰিদীপ গায়ন আৰু প্ৰান্তৰীপ কাশ্যপে সৰ্বমুঠ ৫,০০০ টকা সাহায্য পুঁজিলৈ প্ৰদান কৰে। এইদৰে আজিৰ দিনটোত মুঠ ৬ খন চেকৰ জৰিয়তে সৰ্বমুঠ ৩,৩০,০০১ টকাৰ অনুদান সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰেৰণ কৰা হয়।
ইফালে, সামাজিক-সাংস্কৃতিক সংগঠন ‘বাক শিল্পম’ৰ উদ্যোগতো শিৱসাগৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত ২০০ গৰাকী আৰ্ত শিক্ষাৰ্থীক শিক্ষা অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় বিদ্যালয় সামগ্ৰী ক্ৰয়ৰ উদ্দেশ্যে প্ৰতিজনক ১,০০০ টকাকৈ আৰ্থিক সহায়তা আগবঢ়োৱাৰ এক সুকীয়া মানৱীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।
