মাতৃৰ অনুপস্থিত দুই সন্তানৰ হিয়া ভঙা কান্দোন। ২৫ জুলাইৰ পৰা নিৰুদ্দেশ ২ সন্তানৰ মাতৃ ভাণ্ডাৰাৰ জমিলা খাতুন।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰা গাঁৱত এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্র উদ্বেগৰ সৃষ্টি কৰিছে। গাঁওখনৰ বাসিন্দা আমজাত আলীৰ পত্নী তথা দুই সন্তানৰ মাতৃ জমিলা খাতুন যোৱা ২৫ জুলাইৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। ​পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ২৫ জুলাইৰ দিনা তাইৰ ডাঙৰ বাইদেউৰ ঘৰত যাব বুলি ওলাই যোৱাৰ পিছৰে পৰা জমিলা খাতুন আৰু ঘৰলৈ ঘূৰি অহা নাই। আত্মীয়-স্বজন আৰু সম্ভাৱ্য সকলো স্থানত খবৰ লোৱাৰ পিছতো তেওঁৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকসকল দিশহাৰা হৈ পৰিছে। বিশেষকৈ মাতৃৰ অনুপস্থিতিত তেওঁৰ দুয়োটি সন্তানৰ হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ​এই সংক্ৰান্তত স্বামী আমজাত আলীয়ে ইতিমধ্যে মাণিকপুৰ আৰক্ষী থানাত লিখিতভাৱে এখন নিৰুদ্দেশ সংক্ৰান্তীয় এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে জমিলা খাতুনৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ​যদি কোনো সহৃদয় ব্যক্তিয়ে মহিলাগৰাকীৰ কোনো খবৰ পায়, তেন্তে নিকটৱৰ্তী আৰক্ষী থানা অথবা পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
পৰিয়ালৰ যোগাযোগ নম্বৰঃ 60028 27344

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register