অসম তথা অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠন, সংস্থা, অনুষ্ঠান প্ৰতিষ্ঠান সমুহে পালন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তে বগীনদী অঞ্চলতো বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৯ ছেপ্টেম্বৰৰ কালিৰ দিনটোতে সমগ্ৰ অসমবাসীকে শোকগ্ৰস্ত কৰি মহাপ্ৰয়াণ ঘটা সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালিৰ প্ৰথম মৃত্যু বাৰ্ষিকীত বগীনদী অঞ্চলৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে স্বতফুৰ্ত ভাৱে ওলাই আহি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, বন্তি প্ৰজ্বলন কৰি, জুবিনদাক সুৱৰি শেষ শ্ৰদ্ধা জনাই। এই উপলক্ষত বগীনদীৰ অন্য দল সংগঠনৰ লগতে বগীনদী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা, লালপানী প্ৰগতি সংঘ, চিয়াজুলি ষ্টেচন তিনিআলি ব্যৱসায়ী সন্থা, কদম শাখা সাহিত্য সভা কে ধৰি অন্য বহুকেইটা সংগঠনৰ উপৰিও চিয়াজুলি চাৰিআলি ব্যৱসায়ী সন্থা আৰু চিয়াজুলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই ও জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চিয়াজুলি চাৰিআলিৰ যুৱ ব্যৱসায়ী মনোজ চাহুৰ উদ্যোগত চিয়াজুলি চাৰিআলি ব্যৱসায়ী সন্থাই জুবিনৰ প্ৰতিচ্ছবিত ৩২ গছি বন্তি জ্বলাই, এক মিনিটৰ মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি গডউইন হেমৰমেও অংশগ্ৰহণ কৰে প্ৰাণৰ শিল্পী গৰাকীক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনাই। তেনেদৰে চিয়াজুলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু দীৰ্ঘা মাজ গাঁও ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে মায়াবিনী গীত পৰিবেশন কৰি প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে। এই কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক ৰাজ পৰাজুলিৰ লগতে প্ৰাক্তন জিলা সভাপতি পৱন শৰ্মাই অংশগ্ৰহণ কৰে।
লখিমপুৰ বগীনদীৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন।
