চেঙাৰ কাছুমাৰাত ৰাইজৰ ৰোষত দুটা চোৰ।

দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা আৰক্ষী থানাৰ কাছুমাৰা এন চিত ৰাইজৰ হাতত কৰায়ত্ব দুটা চোৰ। প্ৰাপ্ত তথ্য অনুসৰি গাঁওখনৰ নুৰুল ইছলাম নামৰ লোকজনৰ ঘৰত লুট পাট চলাই যোৱাৰ পথতে ৰাইজৰ হাতত ধৰা পৰে চোৰ দুটা। ধৃত চোৰ দুটা কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোনতলীৰ ছানিদুল ইছলাম আৰু চৌতাৰাৰ মহিদুল ইছলাম। ৰাইজে উত্তম মাধ্যম সোধাই চোৰ দুটাক গতাই দিয়ে কাছুমাৰা আৰক্ষীক। গাঁওখনৰ নুৰুল ইছলামৰ ঘৰৰ পৰা সোন ৰূপৰ অলংকাৰ সহ প্ৰায় ৮/৯ লাখ টকাৰ সম্পত্তি লুটি নিয়ে চোৰ দুটাই। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 22 September 2026
Login / Register