বঙাইগাওঁ জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা প্ৰথম খণ্ডত আচম্বিত কোকিলা আৰক্ষীৰ অভিযান। অভয়াপুৰী সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কোকিলা প্ৰথম খণ্ডৰ হজৰত আলীৰ ঘৰত তালাচী চলায় । তালাচীৰ সময়তে উদ্ধাৰ হয় প্ৰায় ১২ কেজি কেচা গাঞ্জা। লগতে পোৱা যায় ১.২৫ গ্ৰাম শুকান গাঞ্জাও। ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে ঘৰ মালিক হজৰত আলীক। জানিব পৰা মতে, আটক হোৱা হজৰত আলী পূৰ্বৰ পৰাই গাঞ্জা ব্যৱসায়ৰ লগত জড়িত আছিল। গাঞ্জা ব্যৱসায়ৰ অভিযোগত তেওঁ পূৰ্বেও জেল হাজোত খাটিছিল। কিন্তু জেলৰ পৰা ওলাই আহি পুনৰ সেই একে ব্যৱসায়ত লিপ্ত হৈ পৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনি ক’ৰ পৰা আহিছিল আৰু ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল, সেই সম্পৰ্কে অধিক তথ্যৰ বাবে হজৰত আলীক আটক কৰিছে। এই অভিযানে অঞ্চলটোত গাঞ্জা ব্যৱসায়ীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে কৈছে, মাদকৰ বিৰুদ্ধে এনে অভিযান ভৱিষ্যতেও অব্যাহত থাকিব। ২৬ জুলাইত হজৰত আলীক আটক কৰাৰ পাছৰে পৰাই অঞ্চলটোত তীক্ষ্ণ নজৰ ৰাখিছে প্ৰশাসনে। যাক লৈ অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ।
সাধু বাবাৰ অসাধু ব্যৱসায়। সাধুৰ বেশত কি ব্যৱসায় কৰে বাবাই।
