বকুলগুৰি গাঁৱৰ মানৱ দৰদী মোজাক্কিৰ আহমেদে এজন দুখীয়া ৰোগীক ৰক্তদান

বকুলগুৰি গাঁৱৰ মানৱ দৰদী মোজাক্কিৰ আহমেদে এজন দুখীয়া ৰোগীক ৰক্তদান কৰি মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ৰক্তদান হৈছে জীৱন দান। তেওঁৰ এই নিঃস্বাৰ্থ মহান পদক্ষেপে সমাজলৈ এক অনুপ্ৰেৰণাদায়ক বাৰ্তা কঢ়িয়াই আনিছে যে, বিপদৰ সময়ত এজন মানুহৰ কাষত থিয় দিয়াটোৱেই প্ৰকৃত মানৱতা। আল্লাহে তেওঁৰ এই মহৎ কাম কবুল কৰক আৰু সুস্বাস্থ্য, দীৰ্ঘায়ু তথা উত্তম প্ৰতিদান দান কৰক। আমিও সকলোকে স্বেচ্ছাই ৰক্তদান কৰি জীৱন বচোৱাৰ এই মহান অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register