শিৱসাগৰ, ২ আগষ্টঃ ৰাজ্যজুৰি বান সাহায্য আৰু পুনৰ্বাসন কাৰ্যসূচী অব্যাহত থকাৰ মাজতে সদৌ অসম ভোজপুৰী পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে আজি শিৱসাগৰৰ বেটবাৰীস্থিত এটা নামঘৰত এক চাফ-চিকুণ অভিযান ৰূপায়ণ কৰে।
শেহতীয়া বানপানীৰ ফলত নামঘৰটোৰ চৌহদ বোকাৰে ভৰি পৰিছিল। যদিও পানী ইতিমধ্যে আঁতৰি গৈছে, তথাপিও বোকাৰ বাবে নামঘৰ চৌহদ ব্যৱহাৰৰ অনুপযোগী হৈ আছিল। এই পৰিস্থিতিত জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ নামঘৰৰ চৌহদৰ বোকা পৰিষ্কাৰ কৰি পৰিৱেশ পুনৰ স্বাভাৱিক কৰি তোলে।
এই চাফ-চিকুণ অভিযান শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিট্টু গুপ্তাৰ নেতৃত্বত সম্পন্ন হয়। কাৰ্যসূচীত নগৰ সমিতিৰ সম্পাদক শশী যাদৱ, সহ-সম্পাদক চন্দন গিৰি আৰু সাধাৰণ সদস্য সুজল বাস্ফোৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
সংগঠনটোৱে আগন্তুক দিনতো সমাজসেৱামূলক আৰু জনকল্যাণমূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
