কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সজাগতা সভা।

Oplus_16908288

কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সজাগতা সভা।

 

 

নগাঁও জিলাৰ কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি নতুন অপৰাধ আইন, মাদকবিৰোধী অভিযান, চাইবাৰ অপৰাধ, শিশুৰ ওপৰত অত্যাচাৰ আৰু বাল্যবিবাহ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষ ৱাজিদুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত ধিং আৰক্ষী নিবেশৰ আৰক্ষী বিষয়া নচাং শ্নিউ আৰু আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি হাজৰিকাই অংশগ্ৰহণ কৰে।

সভাত আৰক্ষী বিষয়াদ্বয়ে ভাৰতত পূৰ্বৰ অপৰাধ আইনসমূহৰ পৰিৱৰ্তে কাৰ্যকৰী হোৱা ভাৰতীয় ন্যায় সংহিতা (BNS), ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম (BSA) সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক বিস্তৃতভাৱে অৱগত কৰে।

আনহাতে, বিদ্যালয়খনৰ অধ্যাপক ড° আশ্ৰফ ৱাহিদ আৰু ইয়াহিয়া খানে মাদকদ্ৰব্যৰ কু-প্ৰভাৱ, চাইবাৰ অপৰাধৰ পৰা সুৰক্ষা, শিশুৰ ওপৰত অত্যাচাৰ প্ৰতিৰোধ আৰু বাল্যবিবাহৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায়।

সভাত টুকটুকী প্ৰেছ ক্লাবৰ সভাপতি জালাল উদ্দিন আহমেদ আৰু সম্পাদক আবুল হুছেইনকে ধৰি প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

 

Leave a Reply

BP NEWS Live
Logo Tuesday, 15 September 2026
Login / Register