কচুৱা তিনিআলি- লুটুমাৰী চাৰিআলি পথৰ কদৰ্জৰূপ ৷ নিৰ্মানৰ দাবী ৷

কচুৱা তিনিআলি- লুটুমাৰী চাৰিআলি পথৰ কদৰ্জৰূপ ৷ নিৰ্মানৰ দাবী ৷

 

  • ৰহা, বঢ়মপুৰ আৰু হোজাই বিধানসভা সমষ্টি চুই যোৱা কচুৱা তিনিআলি বজাৰৰ পৰা কচুৱা বজাৰ হৈ লুটুমাৰী বজাৰলৈ যোৱা গড়কাপ্টানি পথটোৰ জৰাজীৰ্ণ অৱস্থাই যাতায়াত যোগাযোগত ভীষণ সমস্যাৰ সৃষ্টি কৰিছে ৷ উক্ত গুৰুত্বপূৰ্ণ পথচোৱা ৰহা, বঢ়মপুৰ আৰু হোজাই সমষ্টি চুই গৈছে যদিও বোকা পানীৰে ভৰি পৰা পথটিৰ উন্নয়ণ হোৱা নাই ৷ বিগত পাঁচটা বছৰ ওৰে পথটি ৰহা সমষ্টিত আছিল যদিও বিধায়ক শশীকান্ত দাসে উক্ত পথচোৱাত কোনো কাম নকৰাৰ অভিযোগ উঠিছে ৷ ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটি তাহানিতে চিচি ব্লক দি অতি নিম্নমানদণ্ডৰে নিৰ্মান কৰিছিল ৷ নিৰ্মানৰ এবছৰৰ ভিতৰতে ৰাস্তাটোৰ ঠায়ে ঠায়ে খলা- বমা হৈ পৰিছিল ৷ কচুৱা বজাৰৰ মাজমজিয়াত দুফুট লৈকে পানী জমা হোৱাত যাতায়াত যোগাযোগত ৰাজহুৱা আবেদন পায়ো শশীকান্ত দাসে কোনো গুৰুত্ব দিয়া নাছিল ৷ কচুৱা আৰু চানখোলা গাওঁ পঞ্চায়ত দুখন বঢ়মপুৰ সমষ্টিত চামিল হোৱাত বিধায়ক জিতু গোস্বামীয়ে তৎপৰতাৰে কচুৱা বজাৰৰ পৰা কচুৱা মডেল হাস্পতাল লৈকে পকীকৰন কৰিছে যদিও বাকী ৬.৫ কিলোমিটাৰ পথ গাড়ী মটৰ চলাচলৰ অনুপযোগী হৈ পৰিছে ৷ ওৰে পথচোৱাত পথৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাত আৰু বোকা পানীৰে ভৰি পৰাত পথচাৰী লোকৰ লগতে স্কুল- কলেজৰ ছাত্ৰ-ছাত্ৰী ভীষণ সমস্যাত পৰিছে ৷ তিনিটাকৈ সমষ্টি আৰু তিনিটাকৈ বজাৰ চুই যোৱা গুৰুত্বপূৰ্ণ পথটিৰ উন্নত মেৰামতি তথা নিৰ্মান কৰিবলৈ কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা, কচুৱা প্ৰেছ ক্লাৱ আৰু ছাত্ৰ সমাজে বিধায়ক জিতু গোস্বামী আৰু শিলাদিত্য দেৱক দাবী জনাইছে ৷

Leave a Reply

BP NEWS Live
Logo Tuesday, 15 September 2026
Login / Register