লখিমপুৰ চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওৰ প্ৰথমগৰাকী ভাৰতীয় সেনা জোৱান ৰাজেশ উপাধ্যায়ক উষ্ম আদৰণি।

প্ৰশিক্ষণ সামৰি স্বগৃহলৈ উভতি অহা দীৰ্ঘা মাজ গাঁওৰ যুৱক তথা সীমান্ত সুৰক্ষা বাহিনীৰ সৈনিক ৰাজেশ উপাধ্যায়ক উষ্ম আদৰণি জনায় গাঁওখনৰ ৰাইজৰ লগতে আত্মীয় স্বজন মিতিৰ কুটুমে।
দীৰ্ঘা মাজ গাঁওৰ পৰা ভাৰতীয় সেনা বাহিনীত নিযুক্ত হোৱা প্ৰথমগৰাকী সৈনিক জোৱান ৰাজেশ হাৰিয়ানাত ছমহীয়া প্ৰশিক্ষণ সামৰি কালি সন্ধিয়া স্বগৃহত উপস্থিত হোৱাৰ লগে লগে, এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় বি এছ এফ জোৱানৰ জোৱান ৰাজেশৰ বাসগৃহত। এই আনন্দৰ মূহুৰ্তত অংশগ্ৰহণ কৰা ৰাজেশৰ পিতৃ মাতৃ তথা আত্মীয় স্বজন আৰু গাঁৱৰ ৰাইজে ৰাজেশক ধুপ ধূনা চাকি বন্তি জ্বলাই, ফুলৰ মালা পিন্ধাই ঘৰলৈ আদৰি নিয়াৰ লগতে নাচ গান কৰি আনন্দ উৎসৱ উদযাপন কৰে।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register