নবাৰুণ যুৱ সমাজ, অসম-এ বাইহাটা চাৰিআলিৰ চকৰ ব্যৱসায়ী সকলৰ পৰা বান সাহায্য সংগ্ৰহ অভিযান আৰম্ভ কৰিছে।

বানপানীত ক্ষতিগ্ৰস্তলোকলৈ নৱাৰুণ যুৱ সমাজ, অসমৰ বান সাহায্য সংগ্ৰহ। অসমৰ অন্যতম স্বেচ্ছাসেৱী যুৱ সংগঠন নৱাৰুণ যুৱ সমাজে বানত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ ছাত্ৰী সকললৈ সাহায্য প্ৰেৰণৰ উদ্দেশ্যে বিভিন্ন স্কুলীয়া সামগ্ৰী তথা নগদ ধন সংগ্ৰহ কৰি আহিছে। আজি বাইহাটা চাৰিআলিত উপস্থিত হোৱা সংগঠনটোৰ অৰ্ধশতাধিক সদস্যই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সাহায্য সংগ্ৰহ কৰে। নৱাৰুণ যুৱ সমাজৰ সভাপতি ধীৰাজ কুমাৰ ডেকা আৰু সম্পাদক যুৱৰাজ দাসে জানিবলৈ দিয়া অনুসৰি প্ৰায় পঞ্চাশ হাজাৰতকৈ বেছি নগদ ধন আৰু বিভিন্ন কিতাপ, বহী, কলম আদি ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় সামগ্ৰী ৰাইজৰ পৰা লাভ কৰিছে। ৰাইজৰ তৰফৰ পৰা যদিহে কোনো লোকে ছাত্ৰ ছাত্ৰীলৈ প্ৰয়োজনীয় সামগ্ৰী তথা সাহায্য প্ৰদান কৰিব বিচাৰে তেতিয়াহলে এই নম্বৰত যোগাযোগ কৰিব পাৰে।

৯১০১০৭৩২১৯
৯৯৫৭৪২৪৮৭২

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register