লখিমপুৰ জিলাৰ চিয়াজুলি চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী তথা সুলভ মূল্যৰ দোকানী প্ৰেমলাল চাহুৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত সমগ্ৰ চিয়াজুলি অঞ্চলতে শোকৰ ছাঁ পৰিছে। দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ কালি নিশা ৭১ বছৰ বয়সত তেওঁৰ দীৰ্ঘা নাহৰবাৰীস্থিত বাসগৃহত মৃত্যু হয়। তেখেতৰ মৃত্যুত চিয়াজুলি চাৰিআলি ব্যৱসায়ী সন্থা, চিয়াজুলি ৰেলৱে ষ্টেচন তিনিআলি ব্যৱসায়ী সন্থা, চিয়াজুলি চাৰিআলি শিৱ মন্দিৰ পৰিচালনা সমিতি, সুলভ মূল্য দোকানী সন্থা, দীৰ্ঘা মাজ গাঁও ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতিকে ধৰি অন্যান্য দল সংগঠনে শোক প্ৰকাশ কৰি শোক সন্তপ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু দুই কন্যাৰ সৈতে অনেক আত্মীয় স্বজনক এই সংসাৰত এৰি থৈ যায়।
চিয়াজুলিৰ বিশিষ্ট ব্যৱসায়ী প্ৰেমলাল চাহুৰ মৃত্যু, বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ
