বাইহাটা চাৰিআলিত ডাম্পাৰত অগ্নিকাণ্ড ।

বাইহাটা চাৰিআলিৰ সমীপৰ মান্দাকাটা পাহাৰত অৱস্থিত Bharatia Infra Project Ltd.-ৰ চৌহদত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। কোম্পানীটোৰ এখন ডাম্পাৰত হঠাতে জুইৰ সূত্ৰপাত হোৱাত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।
প্ৰত্যক্ষদৰ্শীৰ মতে, ডাম্পাৰখনত প্ৰথমে ধোঁৱা ওলাবলৈ আৰম্ভ কৰে আৰু কিছু সময়ৰ ভিতৰতে জুইয়ে সমগ্ৰ বাহনখন আগুৰি ধৰে। জুইৰ শিখা বহু দূৰৰ পৰাও দেখা পোৱা যায়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে বাইহাটা চাৰিআলি অগ্নি নিৰ্বাপক কেন্দ্ৰৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে অগ্নি নিৰ্বাপনৰ কাম আৰম্ভ কৰে।
অগ্নি নিৰ্বাপক বাহিনীৰ ক্ষিপ্ৰ পদক্ষেপৰ ফলত কিছু সময়ৰ ভিতৰতে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হয়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ডাম্পাৰখনৰ ব্যাপক ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। বৈদ্যুতিক বিজুতি নে আন কোনো কাৰণত জুইৰ সূত্ৰপাত হৈছে, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register