নগাঁও লোকসভা উপ-নিৰ্বাচন: তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দাখিল।

নগাঁও লোকসভা উপ-নিৰ্বাচন: তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দাখিল।

৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আব্দুল ছালামে আজি মনোনয়ন-পত্ৰ দাখিল কৰে। মনোনয়ন-পত্ৰ দাখিলৰ সময়ত ছালামক সংগ দিয়ে ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি ময়ুৰ মজুমদাৰে।
মনোনয়ন দাখিলৰ পিছত তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ বিধায়ক শ্বেৰমান আলী আহমেদে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক উচ্ছেদৰ বাবে দায়ী বুলি অভিযোগ কৰে। তেওঁৰ দাবী, কংগ্ৰেছ চৰকাৰে লোকসকলক ভূমিৰ পট্টা প্ৰদান নকৰাৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁ আজমলক বিজেপিৰ ‘অক্সিজেন’ বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছক ধৰ্মনিৰপেক্ষ দল নহয় বুলিও অভিযোগ কৰে। আহমেদে কয় যে ধৰ্মনিৰপেক্ষ দল হ’লে কংগ্ৰেছে এইবাৰ সংখ্যালঘু প্ৰাৰ্থী প্ৰদান কৰিলেহেঁতেন। আনহাতে, মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক তেওঁ প্ৰকৃত ধৰ্মনিৰপেক্ষ দল বুলি অভিহিত কৰি আব্দুল ছালামক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা উল্লেখ কৰে।

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register