চুতীয়া উন্নয়ণ পৰিষদত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশনেৰে প্ৰতিবাদ কৰি সফল হোৱা কুণ্ডিল সেনা অসমৰ কেন্দ্ৰীয় নেতৃত্বক লখিমপুৰৰ বগীনদীত আদৰণি।

  1. চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন হোৱা চুতীয়া উন্নয়ণ পৰিষদত বিগত দিনসমূহত সংঘটিত সংঘটিত বিয়াগোম দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰা কুণ্ডিল সেনা অসমৰ কেন্দ্ৰীয় নেতৃত্বক আজি স্বগৃহলৈ উভতাৰ পথত বগীনদীত উষ্ম আদৰণি জনায় বগীনদী চুতীয়া জনগোষ্ঠীৰ লোক সকলৰ লগতে কুণ্ডিল সেনা অসমৰ লখিমপুৰ জিলা সমিতিয়ে। উল্লেখ্য যে, যোৱা ১০ ছেপ্টেম্বৰৰ পৰা কুণ্ডিল সেনা অসমে চুতীয়া উন্নয়ণ পৰিষদৰ ১২৫ কোটি টকাৰ পূঁজি ব্যৱহাৰ কৰাৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ গুৱাহাটীত আমৰণ অনশনেৰে গ্ৰহন কৰা প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্য চৰকাৰে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই তদন্তৰ আশ্বাস দিয়াত, অনশন কাৰ্য্যসূচী সামৰি আজি স্বগৃহলৈ উভতি আহিছিল কুণ্ডিল সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুভাষ শইকীয়া, মুখ্য উপদেষ্টা বিপুল চুতীয়া আৰু উপ সভাপতি দেৱেন চুতীয়া। এই খবৰটো পাই বগীনদীৰ বালিজানত থকা চুতীয়া জনগোষ্ঠীৰ লোক সকলে, কুণ্ডিল সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত, কেন্দ্ৰীয় নেতৃত্বৰ এই দলটোক উষ্ম আদৰণি জনায়। এই কাৰ্যসূচীত কুণ্ডিল সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে অন্যান্য নেতাকৰ্মী সকল উপস্থিত থাকে ।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register