নগৰবেৰাৰ টুপামাৰীত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান  ৯৩ লাখ ৮ হাজাৰ দুইশ টকা, সোণৰ অলংকাৰ, বাহন আৰু বেংকৰ নথি পত্ৰ জব্দ

  1. চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ বৃহৎ অভিযান। জব্দ ৯৩ লাখ ৮ হাজাৰ দুইশ নগদ টকা, বৃহৎ পৰিমানৰ সোনৰ আ-অলংকাৰ, দুচকীয়া, চাৰিচকীয়া বাহন।আজি পুৱতি নিশা বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ তদাৰকীত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাস আৰু চম্পক কলিতাৰ নেতৃত্বত ৩ নং টুপামাৰী গাঁৱৰ ছানোৱাৰ হুছেইন নামৰ লোকজনৰ ঘৰত অভিযান চলায়।অভিযানৰ ওমান পাই ঘৰৰ পৰা ছানোৱাৰ হুছেইনে পলায়ন কৰে যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছানোৱাৰ হুছেইনৰ পত্নী ছাহিদা আহমেদক।তদুপৰি আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা জব্দ কৰে নগদ ৯৩ লাখ টকা, বেংক সম্পৰ্কীয় বিভিন্ন নথি পত্ৰৰ লগতে প্ৰায় ৭০ টাকৈ বিভিন্ন জনৰ নামৰ উজালা গেছৰ কাৰ্ড জব্দ কৰে। কেৱল ইমানেই নহয় প্ৰায় ৭-৮ লাখ টকাৰ সোনৰ আ-অলংকাৰৰ লগতে AS25 W 4904 নম্বৰৰ এখন বুলেট আৰু AS01 FT 8025 নম্বৰৰ বলেৰো বাহনো খনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।আৰক্ষীয়ে জব্দ কৰা সম্পত্তিৰ পৰিমাণ প্ৰায় ১ কৌটি ১০ লাখ টকা বুলি জানিব পৰা গৈছে।আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে CDSP জান কিশোৰ গগৈয়ে।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register