শিমলীতোলা চেগুনবাৰীত চাঞ্চল্যকৰ কাণ্ড,  গাঁৱখনৰ এঘৰৰ বাৰাণ্ডাত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ 

গোৱালপাৰাৰ শিমলীতোলা চেগুনবাৰী গাঁৱৰ প্ৰয়াত ভৈৰৱ দাসৰ ঘৰত ৰবিবাৰৰ পুৱাতেই এটা মৃতদেহ প্ৰত্যক্ষ কৰি অঞ্চলজুৰি চাঞ্চল্য বিয়পে।অভিযোগ মতে ভৈৰৱ দাসৰ বিধৱা পত্নী কল্যানী দাস মদ ব্যৱসায়ৰ সতে জড়িত । পুলিন মেধি নামৰ অবিবাহিত যুৱকজন আছিল নিয়মীয়া গ্ৰাহক।বিগত তিনিদিন ধৰি পুলিন মেধি কল্যানী দাসৰ ঘৰতেই আছিল হেনো! দুয়োৰো মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলিও অভিযোগ। মদ খোৱাক কেন্দ্ৰ কৰি নতুবা প্ৰেমত মতানৈক্য ঘটাৰ বাবেই কল্যানী দাসে পুলিন মেধিক হত্যা কৰাৰ অভিযোগ ৰাইজৰ, ক্ষতবিক্ষত হৈ আছে মৃতদেহৰ মুখমণ্ডল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও কল্যানী দাসে নিজৰ স্বামী আৰু অইন এজনক প্ৰহাৰ কৰি হত্যা কৰা বুলিও একাংশৰ অভিযোগ। ঘটনাস্থলীত দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওঁগ,ৰংজুলি থানাৰ অ’চি চিৰঞ্জীৱ লাহন আৰু শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল দাস আদিৰ লগতে ভালেসংখ্যক আৰক্ষীৰ লোক উপস্থিত হয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে। এয়া পৰিকল্পিত হত্যাকাণ্ড নে মৃত্যুৰ কাৰণ অইন কিবাহে সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব। বিষয়টোক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে শিমলীতোলা অঞ্চলত 

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register