চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কামৰূপৰ নগৰবেৰা-টুপামাৰী ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে পুণৰ পোহৰলৈ আহিছে আন এক চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা। এইবাৰ অৱসৰী বৃদ্ধ শিক্ষকৰ বেংক একাউণ্টৰ পৰা লুটিলে ধণ।মোবাইল হেক কৰি লুটি নিলে ২১ হাজাৰকৈ টকা। নগৰবেৰাৰ ভখুৰাদিয়া গাৱঁৰ আব্দুৰ ৰহমান নামৰ অৱসৰী শিক্ষক গৰাকীৰ সৈতে সংঘটিত হৈছে এই ঘটনা।শিক্ষক জনৰ নামত থকা বেংক একাউন্টত আছিল পেনচনৰ সাঁচতীয়া টকা। হঠাৎ একাউন্টৰ পৰা নাইকিয়া হল ২১ হাজাৰ টকা। পাৰ্থ প্ৰতিম হাজৰিকা নামৰ এজন লোকে একাউণ্টৰ গৰাকীৰ অজ্ঞাতে মোবাইল হেক এদিনতে তিনিবাৰত ২১ হাজাৰ টকা একাউণ্টৰ পৰা লুটি নিয়ে। ইতিমধ্যে বৃদ্ধ শিক্ষকজনে আৰক্ষীক অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসী ৰাইজে
নগৰবেৰাৰ ভখুৰাদিয়াত ছাইবাৰ প্ৰৱঞ্চনাৰ বলি অৱসৰী শিক্ষক
