লখিমপুৰৰ কদম জৰাধৰাৰ কুখ্যাত ড্ৰাগছ পেডেলাৰ মধু বৰুৱাৰ সৈতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা দুজন যুৱকক স্থানীয় ৰাইজে আটক কৰি গতালে আৰক্ষীক, বগীনদী আৰক্ষীৰ তালাচীত মধু বৰুৱাৰ ঘৰৰ পৰা উদ্ধাৰ দুটা চুৰি পানী মটৰ

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম জৰাধৰাৰ কুখ্যাত মধু বৰুৱাৰ লগতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা দুই ড্ৰাগছ আসক্ত যুৱকক হাতে লোটে ধৰি বগীনদী আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে ।কালি বিয়লি সংঘটিত ঘটনাটোত দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰা, ড্ৰাগছৰ বেহা চলোৱাৰ লগতে চুৰি কাৰ্যতো জড়িত থকা কুখ্যাত ড্ৰাগছ পেডেলাৰ মধু বৰুৱাৰ পৰা বগীনদী গাগলডুবি আৰু উত্তৰ লখিমপুৰৰ চাবতি ৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা দুজন যুৱকক স্থানীয় ৰাইজে আটক কৰি বগীনদী আৰক্ষীক গতাই দিয়ে। আনহাতে ঘটনাস্থলীত উপস্থিত হৈ বগীনদী আৰক্ষীয়ে ড্ৰাগছ পেডেলাৰ মধু বৰুৱাৰ ঘৰত তালাচী চলোৱাত দুখন চুৰি কৰা পানীৰ মটৰ উদ্ধাৰ কৰি জব্দ কৰাৰ লগতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা যুৱক দুজনৰ এখন বাইকো জব্দ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় আৰু চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত পেডেলাৰ মধু বৰুৱা, এই অপৰাধত পূৰ্বেও জেললৈ গৈছিল, যদিও ওলাই আহি পুনৰ একে কাৰ্যতে জড়িত থকাত স্থানীয় ৰাইজে আশ্বৰ্য্য প্ৰকাশ কৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register