নগৰবেৰাত পুণৰ দুটাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ।

নগৰবেৰাত পুণৰ দুটাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। ধৃত দীপাংকৰ দাস আৰু আইজাৰ আলী।বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ তদাৰকীত টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ নেতৃত্বত বৃহস্পতিবাৰে সন্ধিয়া আৰু নিশা পৃথকে পৃথকে দুটাকৈ অভিযান চলায়।প্ৰথমে নগৰবেৰাৰ জামলাইৰ পৰা আইজাৰ আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে পুণৰ নিশা অভিযান চলায় বিদ্যানগৰৰ দীপাংকৰ দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।দীপাংকৰ দাসৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ১৫ টা পাছবুক, ১৪ টা ATM কাৰ্ড,১৪ টা প্ৰধান মন্ত্ৰী উজালা আঁচনিৰ কাৰ্ড, এখন মহিন্দ্ৰা থাৰ বাহন, ৩৭ হাজাৰ টকীয়া বাইচাইকেল, দামী দামী মোবাইল ফোন,১৪ টা চেকবুক, ২৭ খন বেলেগ বেলেগ মানুহৰ স্বাক্ষৰ থকা চেক, ইত্যাদি।উল্লেখ্য যে, পূৰ্বেও দীপাংকৰ দাস নামৰ এইগৰাকী চাইবাৰ অপৰাধীক পল্টন বজাৰ আৰক্ষীয়ে চাইবাৰ অপৰাধৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।যোৱা এটা সপ্তাহত বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষকৰ তদাৰকীত নগৰবেৰা আৰু টুপামাৰী আৰক্ষীয়ে ৮ জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে কৌটিৰো অধিক নগদ টকা। আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 13 October 2026
Login / Register