টুপামাৰী পুনৰ আৰক্ষীৰ অভিযান ছাইবাৰ অপৰাধীৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ

নগৰবেৰাৰ টুপামাৰীত পুণৰ চলিল চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত দুজনকৈ CSP ৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ। ধৃত হানিফ আলী আৰু ৰফিকুল ইছলাম।হানিফ আলীৰ ঘৰৰ পৰা ৭ লাখ ২৫ হাজাৰ ৮ শ ৫০ টকা (725850) জব্দ কৰাৰ লগতে বেংক সম্পৰ্কীয় নথি পত্ৰ আৰু আ-অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।আনহাতে ৰফিকুল ইছলামৰ CSP ত তালাচী চলাই ৬৯ টা ATM কাৰ্ড আৰু ৬৩ টা পাছবুক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।উল্লেখ্য যে, হানিফ আলী নামৰ লোকজন State Bank of India CSP ৰ স্বত্বাধিকাৰী আৰু ৰফিকুল ইছলাম Bank Of India ৰ CSP ৰ স্বত্বাধিকাৰী।বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ নেতৃত্বত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাস আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ সহযোগত পুৱতি নিশা চলে এই অভিযান। চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register