দলগাঁৱত ডকাইতিৰ পৰিকল্পনা! দৰং আৰক্ষীৰ অভিযানত ৫জন আটক

 দলগাঁৱত ডকাইতিৰ পৰিকল্পনা! দৰং আৰক্ষীৰ অভিযানত ৫জন আটক

দলগাঁৱত ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত দৰং আৰক্ষীৰ বৃহৎ অভিযান।

বিশ্বাসযোগ্য গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নং ৩ শ্যামপুৰত যুটীয়া আৰক্ষীৰ দলে অভিযান চলাই আটক কৰে ৫জন লোকক।

তালাচী অভিযানত আৰক্ষীয়ে জব্দ কৰে ১টা সন্দেহযুক্ত পিষ্টল, ১টা দেশীয় নিৰ্মিত আগ্নেয়াস্ত্ৰ, দাওসহ কেইবাটাও ধাৰাল অস্ত্ৰ আৰু এখন ব’লেৰ’ পিকআপ বাহন।

আটক কৰা লোকসকল আৰু জব্দ সামগ্ৰী শ্যামপুৰ থানালৈ লৈ যোৱা হৈছে।

ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীৰ অধিক তদন্ত অব্যাহত আছে।

ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।

Leave a Reply

BP NEWS Live
Logo Thursday, 8 October 2026
Login / Register