দেশীয় সুৰাৰ বিপণীত বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা, বগীনদী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।

নামতহে দেশীয় সুৰাৰ বিপণী, কামত কিন্তু বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা! এনে কাৰ্য্য চলি আছিল বগীনদীৰ হৰিয়নী গাঁৱত। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত হৰিয়নী গাঁৱৰ দেশীয় সুৰা বিক্ৰী কৰা অনুজ্ঞাপত্ৰ থকা এছ চি কাউন্টি লিকাৰ চপ নামৰ দেশীয় সুৰাৰ বিপণীত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় বগীনদী আৰক্ষী। বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত কালি চলোৱা এই অভিযানত বিভিন্ন প্ৰকাৰৰ প্ৰায় চাৰি কাৰ্টুন বিলাতী সুৰা জব্দ কৰে দেশীয় সুৰাৰ বিপণী খনত।

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register