বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি – শান্তিপুৰত আজি আলোপতি আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছসহ দুগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আলোপতি শান্তিপুৰৰ আব্দুল ওৱাহাব আৰু আছাদুল ইছলামে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে আলোপতি চৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা এক অভিযানত উক্ত ড্ৰাগছ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ১৭ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু এটা মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়। আলোপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ নেতৃত্বত চলিছিল এই অভিযান। আলোপতি চৰ আৰক্ষীৰ এনে ড্ৰাগছ বিৰোধী অভিযানক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
চেঙাৰ আলোপতিচৰত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
