লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাৰ বিভিন্ন গাঁৱত দীৰ্ঘদিনৰ পৰাই গৰু চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা এজনক গৰু চুৰিৰ সন্দেহত এখন বাহন সহ আৰক্ষীক গতাই দিয়াৰ লগতে, গৰু চুৰি কাৰ্যত জড়িত থকা সন্দেহত অন্য দুজনৰ বিৰূদ্ধে আজি বগীনদী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভূক্তভোগী লোকে। উল্লেখ্য যে, উত্তৰ লখিমপুৰ আৰক্ষী থানা আৰু বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ বধাকৰা অঞ্চলৰ বিভিন্ন গাঁৱত এটা গৰু চোৰ চক্ৰই দীৰ্ঘদিনৰ পৰাই সৰ্বসাধাৰণ কৃষকৰ গোহালীৰ গৰু চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। এই চক্ৰটোৱে ৩০ ছেপ্তেম্বৰৰ পুৱতি নিশা ১নং কাৱৈমাৰি গাঁৱৰ ক্ৰমে ভৱনাথ পেগু, দুৰ্লভ শইকীয়া, উমাকান্ত দলে আৰু মঘুৱাচুকৰ ভৱনাথ পেগুৰ গোহালীৰ পৰা চাৰিটাকৈ বলধ গৰু চোৰ কৰে। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত ভূক্তভোগী গৃহস্থই নিজাববীয়াকৈ অনুসন্ধান কৰি তথা কাকৈ চাৰিআলিত স্থাপিত চি চি টিভিৰ ফুটেজৰ সহায়ত চিনাক্ত কৰি ১নং কাৱৈমাৰি বঙাল পেগুৰ পুত্ৰ অমৃত পেগু, কৰায়ত্ব কৰি সোধপোচ কৰাত, চোৰৰ স্বীকাৰোক্তিত গৰু চুৰি চক্ৰটোৰ জড়িত থকা বুলি ৰঙাজানৰ ফজৰ আলিৰ পুত্ৰ ৰেকিব আলি আৰু ১নং কাৱৈমাৰি গাঁৱৰ জগন্নাথ পেগুৰ পুত্ৰ ৰাহুল পেগুৰ নাম পোহৰলৈ অহাৰ লগতে, গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা অমৃত পেগুৰ এ এছ ০৭ বিচি ৮৬৮৯ নম্বৰৰ এখন বলে’ৰ পিক আপ বাহন জব্দ কৰে ।ইতিমধ্যে এই ভূক্তভোগী লোকে বগীনদী আৰক্ষী থানাত চুৰি চক্ৰটোৰ লগত জড়িত থকা তিনিওজনৰ বিৰূদ্ধে গোচৰ ৰুজু কৰি, অঞ্চলটোৰ পৰা গৰু চুৰি চক্ৰটোক উৎখাত কৰিবলৈ দাবী জনোৱাৰ লগতে ভূক্তভোগী কৃষক ৰাইজৰ পশুধন বিচাৰি উলিয়াই দিয়াৰ দাবী জনাইছে।
লখিমপুৰ বধাকৰাত ৰাইজে বাহন সহ আটক কৰি গতালে আৰক্ষীক, অন্য দুজনৰ বিৰূদ্ধে বগীনদী থানাত গোচৰ ৰুজু।
