পুণৰ নগৰবেৰা আৰু টুপামাৰী আৰক্ষীয়ে নিশা সোণতলীত চলাই ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান। অভিযানত দুটাকৈ সন্দেহযুক্ত ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ছাইবাৰ অপৰাধী দুটা নতুন কাঠমী গাওঁৰ গিয়াজ উদ্দিন আৰু বগৰীগুৰী গাওঁৰ আজাদ ছাইফুল।দুয়ো পৰা আৰক্ষীয়ে জব্দ কৰে ডেভিদ কাৰ্ড, এটিএম কার্ড, পাছবুক, চেকবুক, মোবাইল উকা চেক পাত মোবাইল, বহু চিম কাৰ্ড বেংক সম্পৰ্কীয় নথি পত্ৰ। বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ তদাৰকীত টুপামাৰী আৰক্ষী চকীৰ বিষয়া চম্পক কলিতাৰ নেতৃত্বত চলে এই অভিযান। উল্লেখ্য যে,যোৱা ১২ ছেপ্তেম্বৰৰ পৰা নগৰবেৰা আৰক্ষীয়ে ধাৰাবহিক অভিযান চলাই চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ২৩ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
সোণতলীত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে টুপামাৰী আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ দুজন
