লখিমপুৰ চিয়াজুলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাত লখিমপুৰৰ চিয়াজুলি ভংগাবিলৰ পৰা দীৰ্ঘা পথাৰলৈ খোজকাঢ়ি গৈ থকা পথৰ পৰাই কালিৰে পৰা সন্ধানহীন হৈ আছে এগৰাকী মহিলা। সন্ধানহীন মহিলা গৰাকী চিয়াজুলি পঞ্চায়তৰ ২নং ভংগাবিলৰ চন্দ্ৰলাল ঘিমিৰে, ৰ পত্নী স্বৰস্বতী দেৱী। ঘটনাৰ বিষয়ে জানিব পৰা মতে, সন্ধানহীন হৈ থকা মহিলাগৰাকীয়ে কালি দিনৰ ১১ বজাত দীৰ্ঘা পথাৰৰ চন্দ্ৰকলা দেৱীৰ ঘৰত অসুস্থ হৈ শয্যাশায়ী হৈ থকা শহুৰেকক শুশ্ৰূষা কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু অত্যন্ত সহজ সৰল আৰু কিছু পৰিমাণে মানসিক ভাৱে অসুস্থ মহিলাগৰাকী মাত্ৰ চাৰি কিঃমিঃ দূৰত্বত থকা দীৰ্ঘা পথাৰলৈ গৈ থকা পথৰ পৰাই বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। ইয়াকে লৈ মহিলাগৰাকীৰ পৰিয়াল তথা আত্মীয় স্বজনৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে সম্ভাৱ্য সকলো স্থানতে মহিলাগৰাকীৰ খবৰ লোৱা হৈছে, যদিও বাতৰি লিখাৰ পৰলৈকে মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে কোনো লোকে যদি মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে এই 6002421654 মবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
লখিমপুৰৰ চিয়াজুলিত চাঞ্চল্যকৰ ঘটনা, ঘৰৰ পৰা খোজকাঢ়ি দীৰ্ঘা পথাৰলৈ ওলাই যোৱা এগৰাকী মহিলা মাত্ৰ চাৰি কিঃমিঃ দূৰত্বৰ ব্যৱধানত কালিৰে পৰা সন্ধানহীন হৈ আছে।
