ডিব্ৰুগড়ৰ আমোলাপট্টীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন

ডিব্ৰুগড়ৰ আমোলাপট্টীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ ফলত আহত লোকজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয়। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে, ডিব্ৰুগড়ত শেহতীয়া সময়ছোৱাত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাক লৈ উত্থাপন হৈছে প্ৰশ্ন। পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছে?

দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ চিনাক্ত কৰি পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা, যান-বাহন নিয়ন্ত্ৰণ আৰু নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

আমোলাপট্টীৰ এই দুৰ্ঘটনাৰ পিছত পুনৰ এবাৰ ডিব্ৰুগড়ৰ পথ সুৰক্ষাক লৈ চিন্তা বৃদ্ধি পাইছে।

Leave a Reply

BP NEWS Live
Logo Friday, 25 September 2026
Login / Register