নাজিৰাস্থিত ONGC মুখ্য কাৰ্যালয়ত আজি উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। নাজিৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া বানবিধ্বস্ত অঞ্চলসমূহৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতি আৰু বানপীড়িত ৰাইজৰ সমস্যাক লৈ ONGC কৰ্তৃপক্ষৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিধায়কগৰাকী।
বৈঠকত বানপীড়িত অঞ্চলসমূহত সৃষ্টি হোৱা পৰিস্থিতি, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰয়োজনীয়তা আৰু এই সংকটকালত ONGC-ৰ তৰফৰ পৰা সম্ভাৱ্য সহায়-সহযোগিতাৰ বিষয়ত আলোচনা কৰা হয়। বানত ক্ষতিগ্ৰস্ত ৰাইজক সকাহ প্ৰদানৰ বাবে সংশ্লিষ্ট সকলো পক্ষই সমন্বিতভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
নাজিৰাস্থিত ONGC মুখ্য কাৰ্যালয়ত অখিল গগৈ
